পশ্চিম বংগত বিজেপি কৰ্মীৰ ঘৰত বোমা বিস্ফোৰণক লৈ চাঞ্চল্য

98

তিতাগড় বিবেকনগৰ অঞ্চলত এজন বিজেপি কৰ্মীৰ ঘৰত বোমা বিস্ফোৰণৰ অভিযোগক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি অঞ্চলটোৰ বিজেপি কৰ্মী সুৰজ শেঠৰ ঘৰত নিশা দুৰ্বৃত্তই বোমা নিক্ষেপ কৰে।

বিজেপিৰ অভিযোগ অনুসৰি সুৰজ শেঠ নিশা পৰিয়াল সহ শুই থকা সময়ত তেওঁৰ ঘৰৰ সন্মুখত বোমা বিস্ফোৰণ ঘটে। ইফালে বোমাৰ শব্দ শুনি বিজেপি কৰ্মীজন দ্বিতীয় মহলাৰ বাৰাণ্ডালৈ ওলাই অহাৰ পিছতে দুৰ্বৃত্তই তেওঁলৈ লক্ষ্য কৰি পুনৰ দুটা বোমা নিক্ষেপ কৰে।

এই ঘটনাৰ সৈতে তৃণমূল কংগ্ৰেছ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। সুৰজ শেঠে অভিযোগ কৰা মতে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত পূৰ্বেও তেওঁৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলাইছে মমতা বাহিনীয়ে। ঘটনা সন্দৰ্ভত তেওঁ এজাহাৰ ইতিমধ্যে দাখিল কৰিছে।

আনহাতে, যোৱা নিশা তিতাগড় এ পি দেৱী ৰোডত থকা সাংসদ অৰ্জুন সিঙৰ ঘনিষ্ঠ এজন ব্যৱসায়ীৰ ঘৰতো বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু ব্যৱসায়ীজনৰ পত্নীৰ শাৰীৰিক অসুস্থতাৰ বাবে বৰ্তমান তেওঁৰ পৰিয়ালৰ সৈতে ৰাজ্যৰ বাহিৰত আছে। ফলস্বৰূপে, তেওঁলোকৰ প্ৰতিক্ৰিয়া জনা নাযায়।