পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক এবিএছ জোদ্দাৰৰ দেহাৱসান

69

পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা আমছুৰ প্ৰাক্তন সভাপতি এবিএছ জোদ্দাৰৰ আজি পুৱা গোৱালপাৰাৰ চোলেছ হাস্পতালত মৃত্যু ঘটে।

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন বিধায়কগৰাকীৰ স্বাস্থ্য বুধবাৰে অধিক অৱনতি ঘটাত হাস্পতালত ভৰ্তি কৰা হৈছিল। কিন্তু নিয়তিৰ ওচৰত পৰাজয় স্বীকাৰ কৰি আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে এবিএছ জোদ্দাৰে।

১৯৯৬ চনত পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন বিধায়ক এবিএছ জোদ্দাৰ অকাল বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে তেওঁৰ গুণমুগ্ধ তথা সহকৰ্মীসকলে।