পশ্চিম গুৱাহাটী সমষ্টিত জাইকাৰ পানীৰ কামৰ বুজ ললে মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

69

একাংশ ৰাইজৰ বে- দখলে পানী প্ৰকল্পৰ কামত বাধাৰ সৃষ্টি কৰিছেঃ

ষ্টাফৰিপৰ্টাৰ, ১৬ জুন : গুৱাহাটী মহানগৰীত খোৱা পানীৰ সমস্যা দুৰ কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধিনত জাইকা নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৱে প্ৰায় ৯৫ শতাংশ কাম কৰিবলৈ সক্ষম হৈছে ৷ তথাপি ৫ শতাংশ কাম আজিলৈকে সমাপ্ত কৰিব পৰা নাই ’যাৰ বাবেই মহানগৰবাসীয়ে আজিলৈকে নিয়মীত ভাবে পানী লাভ কৰা নাই ৷ ঠায়ে ঠায়ে খোৱা পানীৰ বাবে একাংশ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ মহানগৰীৰ জনসাধাৰণৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে জি এম ডি এ অতি গুৰুত্ব সহকাৰে লৈছে ৷ সেইবাবেই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মঙলবাৰে পশ্চিম গুৱাহাটী সমষ্টিত চলি থকা জাইকাৰ কামৰ খতিয়ান লয় ৷মন্ৰী গৰাকীৰ লগত সংগ দিয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই ৷ দুই গৰাকী জনপ্ৰতিনিধিয়ে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কামৰ বুজ লয় ৷ এই ক্ষেত্ৰত মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে জাইকাই প্ৰায় ৯৫ শতাংশ কাম ইতিমধ্যে সমাপ্ত কৰিছে ’ যদিও ৫ শতাংশ কাম আজিলৈকে কৰিবলৈ সক্ষম হোৱা নাই ৷ইয়াৰ মুলতে হ’ল একাংশ ব্যক্তিয়ে অবৈধ ভাবে বে- দখল কৰিছে ৷ যাৰ বাবে জাইকাই কামটো নিয়াৰিকৈ কৰাৰ ক্ষেত্ৰত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ সেইবাবেই স্হানীয় ৰাইজৰ লগত এই বিষয়ে আলোচনা কৰাৰ কথা উল্লেখ কৰে মন্ৰী ভট্টাচাৰ্যই ৷ তেওঁ লগতে কয় প্ৰকল্পটোৰ কাম নিয়াৰিকৈ কৰিবলৈ হ’লে স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ব লাগিব ৷ইয়াৰ বাবে প্ৰতি গৰাকী জনসাধাৰণক বিনম্ৰতাৰে অনুৰোধ জনাই মন্ৰী গৰাকীয়ে কয় “আপোনালোকৰ সুবিধাৰ
বাবে জাইকাক প্ৰকল্পৰ কামত সহযোগিতা কৰক ৷”