পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তত নতুন ভৱন-দলং উদ্ধোধন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

66

গুৱাহাটী : পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ আন্তঃ গাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত ৰাণী উন্নয়ন খণ্ডৰ দক্ষিণ ভোলাগাওঁ গাঁও পঞ্চায়তৰ অধীনৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলত নিৰ্মাণ কৰা কেবাটাও নতুন ভৱন আৰু দলং আজি উদ্ধোধন কৰা হয় । অঞ্চলটোৰ বহু সংখ্যক ৰাইজৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজত নতুন ভৱন আৰু দলং উদ্ধোধন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ ককিতাই ।

অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা , লোকনিৰ্মান বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , ৰাণী-ভোলাগাওঁ জিলা পৰিষদৰ সদস্য স্বপ্নালী দাস , প্ৰাক্তন সদস্য ৰবীন দৈমাৰী , ৰাণী উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা শংকৰ দাস , দক্ষিণ ভোলাগাওঁ গাঁও পঞ্চায়তৰ সভাপতিৰ অমৃত দলৈ , কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

তেনেদৰে বিধায়ক কলিতাই সহকাৰী কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাৰ সৈতে প্ৰায় ১৩ কৌটি টকা ব্যয়ৰে প্ৰধান মন্ত্ৰী গ্ৰাম্য চৰক যোজনাৰ (পি এম জি এছ ওৱাই ) অধীনত মুদুকীৰ পৰা ঔগুৰি , লংচাই হৈ মেঘালয় সীমান্তৰ বাখালাপাৰা আৰু কুণ্ডিলনগৰলৈ নিৰ্মাণ কৰি থকা পথছোৱা পৰিদৰ্শন কৰি কাম কাজৰ বুজ লয় ।