পশ্চিম কামৰূপত বন্যহস্তীৰ ৰহস্যজনক মৃত্যু…

93

পশ্চিম কামৰূপৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত চলি অহাৰ মাজতে কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত টিয়াঁমাৰীৰ দেৱীপাৰাত শুকুৰবাৰে এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, পুৱতি নিশা বনৰীয়া হাতীৰ প্ৰাণকাতৰ চিঞৰ শুনিবলৈ পাইছিল ৰাইজে। তাৰ পিছতে পুৱা ৮ বছৰীয়া হাতীটো মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।

একাংশই সন্দেহ কৰা অনুসৰি, হাতীৰ জাকটো খাদ্য বা পানীৰ সন্ধানত পাহাৰৰ পৰা নামি অহাৰ সময়ত কোনো দুষ্ট চক্ৰই স্থাপন কৰি ৰখা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু ঘটে। পিছত ঘটনাস্থলীত বনকৰ্মী উপস্থিত হৈ মৃত হাতীটো উদ্ধাৰ কৰে। অৱশ্যে হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট নহয়।