পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়া আত্মহত্যা গোচৰ! ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পঞ্চমজন অভিযুক্তৰ…

280

ডিব্ৰুগড় জিলাৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰৰ পঞ্চম অভিযুক্ত আজিজ খানে শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যা গোচৰত বৈদুল্লাহ খান, নিশান্ত শৰ্মা, ছামছুল্লাহ খান আৰু সঞ্জয় শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল।

বাগাৰিয়াৰ আত্মহত্যাৰ পিছত পলাতক আছিল অভিযুক্ত আজিজ খান।

উল্লেখ্য যে, যোৱা ৭ জুলাই ডিব্ৰুগড়ৰ নিজ বাসগৃহত আত্মহত্যা কৰিছিল ৩২ বৰ্ষীয় পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াই।

মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ মোবাইলত এটা ভিডিঅ’ শ্বুট কৰিছিল য’ত তেওঁ ৫জন লোকৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল, যাৰ ফলত তেওঁ চৰম পদক্ষেপ ল’বলৈ বাধ্য হৈছিল।

পৰৱৰ্তী সময়ত বাগাৰিয়া পৰিয়ালে অভিযোগ কৰে যে ডিব্ৰুগড় আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ লগতে তেওঁলোকৰ কাষ চাপি অহাৰ সময়ত এফ আই আৰ দাখিল কৰিবলৈও অস্বীকাৰ কৰে।

এই ঘটনাই ব্যাপক ক্ষোভৰ সৃষ্টি কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিনীত বাগাৰিয়াৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিয়ে।