ষ্টাফৰিপৰ্টাৰ,শেহতীয়া বানপানীত বিশেষ ভাৱে ক্ষতিগ্ৰস্ত হোৱা চন্দ্ৰপুৰ আৰু নুনমাটীৰ চূণশালী অঞ্চলৰ পশুপালকসকলৰ সুবিধাৰ্থে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ উদ্যোগত আৰু অসম পশুচিকিৎসা সেৱা সন্থা, কামৰূপ জিলা শাখাৰ সহযোগত শনিবাৰে দুটাকৈ পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। দুয়োটা শিবিৰেই মুকলি কৰে পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। এই শিবিৰত বহুসংখ্যক পশুপালকে নিজৰ নিজৰ গৰু-ছাগলি লৈ আহি চিকিৎসা গ্ৰহণ কৰে। শিবিৰত পশুপালক সকলৰ মাজত বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ লগতে পশুধন সমূহক প্ৰতিষেধক চিটা প্ৰদান কৰা হয়। অধ্যক্ষ শইকীয়াই পশুপালক সকলৰ লগতো পৃথকে পৃথকে মত বিনিময় কৰে আৰু সমস্যাৰ বুজ লয়। এই শিবিৰত জিলা পশুপালন বিষয়া ডা০ অৰুণ শৰ্মা, পশুপালন বিষয়া ডা০ বলেন ডেকা, ডা০ শঙ্কৰ প্ৰসাদ লহকৰ, ডা০ প্ৰাণজিৎ বৰুৱা, ডা০ বিজয় দাস, ডা০ চন্দন শৰণীয়া, ডা০ তপন দাস, ডা০ হেমন্ত ডেকা, ডা০ ঋষি সোণোৱাল আদিৰ লগতে কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। বৰ্তমান পৰিস্থিতিত পশুপালন বিভাগৰ তৰফৰ পৰা এনে পদক্ষেপ গ্ৰহণ কৰাত স্থানীয় ৰাইজে প্ৰশাংসা কৰে।