পল্লৱ গোপাল ঝাক কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত হিচাপে নিযুক্তি

71

গুৱাহাটীঃ বুধবাৰে অসম চৰকাৰে পল্লৱ গোপাল ঝাক কামৰূপ মেট্ৰ’পলিটান (ডিচি)ৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়ে।

সূত্ৰঅনুসৰি, সচিব, উপায়ুক্ত আৰু অন্যান্য শীৰ্ষ প্ৰশাসককে ধৰি অসমৰ প্ৰায় ২৬ জন শীৰ্ষ আমোলাক ৰদবদল কৰা হৈছে।

কামৰূপ মেট্ৰ’ৰ ডিচি হিচাপে কাৰ্যনিৰ্বাহ কৰা বিশ্বজিৎ পেগুক বদলি কৰা হয় আৰু ডিব্ৰুগড়ত নিযুক্তি দিয়া হয়। সমান্তৰালভাৱে, ডিব্ৰুগড়ত নিযুক্তি লাভ কৰা পল্লৱ ঝাক কামৰূপ মেট্ৰ’লৈ বদলি কৰা হৈছে। 

ইয়াৰ উপৰিও, ডিমা হাচাওৰ ডিচি পল বৰুৱাক চৰাইদেউ জিলালৈ বদলি কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগমৰ এমডি দেৱ কুমাৰ মিশ্ৰক বিশ্বনাথ জিলাত ডিচি হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

উল্লেখ্য যে, আইএএছ পল্লৱ গোপাল ঝাই ১৭ জানুৱাৰী, ২০১৯ তাৰিখে ডিব্ৰুগড়ত উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ডিব্ৰুগড়ত ডিচি হিচাপে সেৱা আগবঢ়োৱা সময়ছোৱাত, তেওঁ জিলাখনৰ বাবে কেইবাটাও আউটগ্ৰোথ প্ৰকল্প আৰু উন্নয়নমূলক আঁচনিৰ বাবে কাম কৰিছে। 

ঝাই ডিব্ৰুগড়ৰ ডিচি হিচাপে যোগদান কৰাৰ আগতে শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপেও কাম কৰিছে।