পবিত্ৰ শিক্ষক দিৱস উপলক্ষে গছপুলি বিতৰণ

99

৫ছেপ্তম্বৰ্ পবিত্ৰ শিক্ষক দিৱস ৰ লগত সঙ্গতি ৰাখি দৰঙৰ উয়ঙ্ চ ক্লাবৰ ,সদস্যসকলে বিভিন্ন বিদ্যালয় তথা জুনিয়ৰ একাডেমীত গছপুলি বিতৰণৰ লগতে ৰোপণৰ কাৰ্য সূচী হাতত লয়‌।প্ৰতিখন বিদ্যালয় ৰ শিক্ষক সকলৰ প্ৰতি শ্ৰদ্ধা জনাই একোডাল বৃক্ষৰ পুলি উপহাৰ স্বৰূপে প্ৰদান কৰে । গছ থাকিলে হে জীৱকুল থাকিব , পৰিৱেশ প্ৰদূষণ মুক্ত হব।এনে মনোভাবেৰে কাৰ্য্য সূচী ৰূপায়ন কৰিছে। এজাক তৰুণ- তৰুণীৰ হেজাৰ সপোন


উয়ঙ্ চ ক্লাবৰ সদস্যসকলে ইয়াৰ আগতে ও সমাজৰ বহুতো উন্নয়নমূলক কাম কৰি আহিছে।
দৰঙ জিলাৰ অন্তৰ্গত মঙলদৈ নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয়, , মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয় , শঙ্কৰদেৱে শিশু নিকেতন , মঙলদৈ টাউন হাইস্কুল‌, ব্ৰিলিয়েণ্ট একাডেমী, ৰঞ্জিত শৰ্মা একাডেমী , কেন্দ্ৰীয় জাতীয় বিদ্যালয় ত গছপুলি ৰোপণ কৰি শিক্ষক‌সকলক গছপুলি উপহাৰ দি শিক্ষক দিৱস ৰ দৰে পবিত্ৰ দিনটি মহত্বপূৰ্ণ কৰি তোলে ।