পত্নীৰ বিয়োগৰ দুটা দিন পিছতে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু সাংবাদিক কল্যান বৰুৱাৰ

75

কোভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে জ্যেষ্ঠ সা্ংবাদিক কল্যাণ বৰুৱাই। পত্নীৰ বিয়োগৰ মাত্ৰ দুটা দিন পিছতে আজি শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। আসাম ট্ৰিবিউনৰ দিল্লীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল কল্যান বৰুৱা। প্ৰায় এসপ্তাহ পূৰ্বে তেওঁ আৰু তেওঁৰ পত্নী সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য কোভিডত আক্ৰান্ত হৈছিল। তাৰ পিছতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল দুয়োগৰাকী।

কিন্তু বৃহস্পতিবাৰে হাস্পতালত পত্নী নিলাক্ষী ভট্টাচাৰ্যই শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতে আজি বিয়োগ ঘটিল কল্যান বৰুৱাৰো। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগত সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে।