পত্নীৰ কটা মূৰ হাতত লৈ থানাত আত্মসমৰ্পণ স্বামীৰ

80

ডিজিটেল ডেস্কঃ ৰাম ৰাজ্য নহয়, এতিয়া ৰাৱণ ৰাজ্যত পৰিণত হৈছে উত্তৰ প্ৰদেশ। হাথৰস কাণ্ডক লৈ দেশজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে এইবাৰ বান্দাত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড। পত্নীৰ কটা মূৰ হাতত লৈ এজন ব্যক্তি থানাত উপস্থিত হোৱাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

জানিব পৰা মতে, বান্দাৰ নেতানগৰ এলেকাৰ চিন্নাৰ যাদৱ নামৰ লোকৰ পুৱা পত্নী বিমলা (৩৫)ৰ সৈতে কাজিয়া লাগে। তাৰ পিছতে চিন্নাৰে ধাৰাল অস্ত্ৰৰে পত্নীৰ শিৰচ্ছেদ কৰি কটা মূৰটো লৈ থানাত উপস্থিত হয় আৰু আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱা ৭ বজাত সংঘটিত হয় এই হত্যাকাণ্ড।

ইফালে পত্নীৰ কটা মূৰ লৈ চিন্নাৰ যাদৱে ৰাস্তাৰে খোজকাঢ়ি থানালৈ অহাৰ দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আৰক্ষীয়ে ইতিমধ্যে দোষীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।