পত্নীক হত্যাৰ ষড়যন্ত্ৰৰে নিজৰ শোৱনি কোঠাতেই খান্দিছিল কবৰ, অৱশেষত গ্ৰেপ্তাৰ হ’ল নাছিৰ

57

বঙাইগাঁৱত পত্নী হত্যাৰ ষড়যন্ত্ৰ কৰি গ্ৰেপ্তাৰ হ’ল এজন লোক। জিলাখনৰ দনকিনামাৰীত নিজ পত্নীক হত্যা কৰি নিজৰ শোৱনি কোঠাতেই পুতি থবলৈ ষড়যন্ত্ৰ ৰচা নাছিৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰা এই ব্যক্তিজনে যৌতুকজনিত কাৰণত শাৰিৰীক-মানসিক নিৰ্যাতন চলাই আহিছিল পত্নী ৰৌশানাৰা বেগমক। শেহতীয়াকৈ নাছিৰে নিজৰ শোৱনি কোঠাতেই কবৰ খান্দি পত্নীক পুতি থোৱাৰ পৰিকল্পনা কৰিছিল।

এটি ৫ বছৰীয়া কন্যা সন্তানৰ পিতৃ নাছিৰে বৃহস্পতিবাৰে কন্যা আৰু পত্নীক কিটনাশক খুৱাই হত্যাৰ চেষ্টা চলোৱাৰ পিছতে কোনোমতে জীৱন ৰক্ষা কৰি শিশুটিসহ মাতৃগৃহলৈ পলায় যায় ৰৌশানাৰা বেগমেে। পিছদিনা ৰাতিপুৱা নাছিৰে তেওঁৰ পত্নী ৰৌশনাৰা বেগমক ঘৰলৈ আহিবলৈ খবৰ দিয়ে। কিন্তু ৰৌশনাৰাই স্বামী গৃহলৈ প্ৰত্যাৱৰ্তন নকৰি সমগ্ৰ বিষয়টো পিতৃ-মাতৃক অৱগত কৰে আৰু তেওঁলোকক স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে পঠিয়ায়৷ পৰিয়ালৰ লোকে নাছিৰৰ ঘৰলৈ গৈ ঘৰৰ মজিয়াত কবৰ খান্দি থোৱা প্ৰত্যক্ষ কৰাত প্ৰকৃত সত্য পোহৰলৈ আহে৷

ঘটনাটোকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । পিছত গাঁৱৰ ৰাইজৰ সহযোগত ৰৌশনাৰা বেগমৰ আত্মীয়ই নাছিৰ আলীক আটক কৰি বঙাইগাঁৱৰ আৰক্ষীক খবৰ দিয়ে। বঙাইগাঁও সদৰ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নাছিৰ আলীক আটক কৰে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে নাছিৰৰ এনে কাণ্ডৰ বিষয়ে জানিব বিচৰাত নাছিৰে কয় যে ঘৈণীয়েকে হেনো তেওঁক বিবাহ বিচ্ছেদ দিয়াৰ পৰিকল্পনা কৰিছিল আৰু এনে পৰিস্থিতিত তেওঁ আত্মহত্যা কৰাৰ বাবেই সেই গাঁত খান্দিছিল।

ঘটনা সন্দৰ্ভত আক্ষীয়ে নাছিৰ আলীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে জেললৈ প্ৰেৰণ কৰিছে৷