পঞ্জাৱ কংগ্ৰেছৰ সভাপতি হ’ল নৱজোৎ সিং সিদ্ধু, কিন্তু এতিয়াও অন্ত পৰা নাই মুখ্যমন্ত্ৰীৰে মতবিভেদৰ

112

ডিজিটেল ডেস্কঃ বহু জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত প্ৰাক্তন ক্ৰিকেটাৰ তথা জ্যেষ্ঠ নেতা নৱজোৎ সিং সিদ্ধুক কংগ্ৰেছে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে নিযুক্তি প্ৰদান কৰে। কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু নৱজোৎ সিং সিদ্ধুৰ মাজত থকা মতবিভেদৰ যেন অন্ত পৰা নাই।

খবৰ অনুসৰি, দেওবাৰে সন্ধিয়া কংগ্ৰেছ নেতৃত্বই পঞ্জাৱ কংগ্ৰেছৰ নেতৃত্ব সিদ্ধুৰ হাতত অৰ্পণ কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে তেওঁক এবাৰো শুভকামনা জ্ঞাপন কৰা নাই। আনহাতে সিদ্ধুৱে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লাভ কৰাৰ পিছতে দলৰ সৰু-বৰ সকলো নেতাক ধন্যবাদ জ্ঞাপন কৰিলেও এই মুহূৰ্তলৈকে তেঁৱো মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনোৱা নাই।

এনেবোৰ কাৰণতে সিদ্ধু আৰু অমৰিন্দৰ সিঙৰ মাজত থকা মতবিভেদ এতিয়াও শাম কটা নাই বুলি দাবী কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। ইফালে আজি নৱ নিযুক্ত পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজোৎ সিং সিদ্ধুৱে পঞ্জাৱৰ কেইবাগৰাকীও বিধায়কৰ লগতে বিধানসভাৰ অধ্যক্ষ ৰাণা কে.পিক সাক্ষাৎ কৰে। তেওঁ আজি গুৰুদ্বাৰলৈ গৈও মূৰ দোঁৱাই আশীৰ্বাদ গ্ৰহণ কৰে।