পঞ্জাৱৰ মুখ্যমন্ত্ৰী হোম কোৱাৰেণ্টাইন

103

পঞ্জাৱৰ দুগৰাকী বিধায়কক সাক্ষাতৰ পিছত ৭ দিনৰ হোম কোৱাৰেণ্টাইন হৈছে মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দৰ সিং। মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছত দুয়োগৰাকী বিধায়ক কোভিড পজিটিভ ধৰা পৰাৰ পিছতে মুখ্যমন্ত্ৰী সিঙে নিজকে হোম কোৱাৰেণ্টাইন কৰে। এই বিষয়ে টুইটযোগে সদৰী কৰিছে মুখ্যমন্ত্ৰী মিডিয়া সহকাৰী ৰবীন ঠুকৰালে।

ইফালে ৰাজ্যখনৰ ২৯ গৰাকীকৈ বিধায়ক-মন্ত্ৰী কোভিড পজিটিভ হোৱাৰ পিছত ৰাজ্যৰ কোভিড স্থিতিক লৈ গভীৰ উদ্বেগ ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী অমৰেন্দৰ সিঙে। তেওঁ কয় যে যি সময়ত বিধায়ক-মন্ত্ৰীসকলেই সুৰক্ষিত নহয়, সেই সময়ত নীট বা জেইই পৰীক্ষা অনুষ্ঠিত কৰাটো অনুচিত। উল্লেখ্য যে, প্ৰথমাৱস্থাত পঞ্জাৱত কোৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰাত চৰকাৰ সক্ষম হ’লেও শেহতীয়াকৈ ৰাজ্যখনত অধিক হাৰত গণ সংক্ৰমণ প্ৰত্যক্ষ হৈছে। ৰাজ্যখনত বৰ্তমানলৈকে ৪৭,৮০০ৰো অধিক কোভিড সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে ১,২৫৬ জন লোকৰ মৃত্যু ঘটিছে।