পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰূপে চৰণজিত সিং চন্নীৰ শপতগ্ৰহণ

90

পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰূপে শপত ললে চৰণজিত সিং চন্নীয়ে। সোমবাৰে ৰাজভৱনত ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে চৰণজিত সিং চন্নীক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপালে। মুখ্যমন্ত্ৰীৰ এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ লগতে ৰাজ্যিক কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতা।

ইফালে মুখ্যমন্ত্ৰীৰ উপৰিও আজি সুখজিন্দৰ ৰান্ধাৱা আৰু অ পি ছনীয়ে পঞ্জাৱৰ উপ মুখ্যমন্ত্ৰীৰূপে শপত লয়। উল্লেখ্য যে, পঞ্জাৱ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ৪ মাহ বাকী থকা অৱস্থাত শনিবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে। দলীয় বিসম্বাদৰ বাবেই তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব ত্যাগ কৰা বুলি মন্তব্য কৰিছিল। আনহাতে দেওবাৰে অনুষ্ঠিত কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকত চৰণজিত সিং চন্নীৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে নিশ্চিত কৰা হৈছিল।