পঞ্জাৱত একেলগে কোভিড পজিটিভ ২৬ গৰাকী মন্ত্ৰী-বিধায়ক

73

ডিজিটেল ডেস্কঃ পঞ্জাৱ বিধানসভা অধিৱেশনৰ পূৰ্বে কৰা বিধায়কৰ স্বাৱ টেষ্ট পৰীক্ষাত একেলগে ২৬ গৰাকী বিধায়কৰ দেহত পোৱা গ’ল কোভিড-১৯ৰ উপস্থিতি। কোভিডত আক্ৰান্ত হোৱা এই বিধায়কসকলৰ ২৩ জনেই কংগ্ৰেছৰ আৰু বাকী তিনি জন অন্য দলৰ বিধায়ক বুলি জানিব পৰা গৈছে।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী গুৰপ্ৰীত কৌৰ আৰু শ্যামসুন্দৰ আৰোৰাও কোভিড আক্ৰান্ত বুলি জানিব পৰা গৈছে। এনে পৰিপ্ৰেক্ষিত গভীৰ উদ্বেগ ব্যক্ত কৰি মুখ্যমন্ত্ৰী কেপ্টেইন অমৰেন্দৰ সিঙে কয় যে যি সময়ত ৰাজ্যৰ মন্ত্ৰী, বিধায়কসকলেই সুৰক্ষিত নহয়, তেনে সময়ত এনআইআইটি বা জেইই পৰীক্ষা অনুষ্ঠিত কৰাটো এক ভয়ংকৰ সিদ্ধান্ত হ’ব পাৰে।

ইফালে বুধবাৰে একেলগে ইমানগৰাকী বিধায়ক, মন্ত্ৰী কোভিড পজিটিভ পোৱাৰ পিছতে বিধানসভা অধিৱেশনত প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশ বান্ধি দিছে বিধানসভাৰ অধ্যক্ষই। বিধায়কসকলে বিধানসভাত প্ৰৱেশৰ পূৰ্বে কোভিড নিগেটিভ ৰিপ’ৰ্ট লগত লৈ আহিব লাগিব বুলি জনাইছে বিধানসভাৰ অধ্যক্ষ ৰাণা কেপি সিঙে। উল্লেখ্য যে, মঙ্গলবাৰে আম আদমী পাৰ্টীৰ দুজন আৰু শিৰোমণি আকালি দলৰ এজন বিধায়কৰ শৰীৰতো কোভিড১৯ পজিটিভ পোৱা গৈছিল।