পঞ্জশিৰত অজ্ঞাত বায়ুসেনাৰ বিমানৰ আক্ৰমণ…

126

তালিবানে সম্পূৰ্ণৰূপে পঞ্জশিৰ দখল কৰা বুলি দাবী কৰি অহাৰ সময়তে কোনো অজ্ঞাত বায়ুসেনাৰ বিমানে পঞ্চশিৰৰ বিদ্ৰোহীৰ ঘাটিত আক্ৰমণ কৰে। বিমান কেইখন কৰ পৰা আহিছে এই সম্পৰ্কত যদিও এতিয়ালৈ কোনো পক্ষই একো মত প্ৰকাশ কৰা নাই তথাপি আক্ৰমণকাৰী বিমান কেইখন পাকিস্তানৰ বুলি বিশ্বৰ বহু কেইজন সামৰিক বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

জানিব পৰা মতে তালিবানে সোমবাৰে পঞ্জশিৰ সম্পূৰ্ণৰূপে দখল কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । পঞ্জশিৰ দখল কৰাৰ পিছতেই গৱৰ্ণৰ হাউচৰ ওপৰত তালিবানী পতাকা উৰোৱা বুলিও জানিব পৰা গৈছে ।গুৰুত্বপূৰ্ণ কথা এই যে ৰবিবাৰে নৰ্ডান এলায়েন্সৰ চাৰিজন মুখ্য কমাণ্ডাৰৰ তালিবানৰ হাতত মৃত্যু হয় । তেওঁলোকৰ ভিতৰত আহমদ শ্বাহ মাচুদৰ ভতিজাকো আছিল বুলি জানিব পৰা গৈছে ।