পঞ্চায়ত সচিবৰ স্বাক্ষৰ জালিয়তি কৰি ২৫ লাখ টকা আত্মসাৎ কৰা সভানেত্ৰীক স্বামীসহ গ্ৰেপ্তাৰ

207

পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি আঁচনিৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল বৰপেটাৰ ১০২ নং কুমুলীয়াপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমা পাৰবীন চুলতানা খানমক। বৰপেটা আৰক্ষীয়ে ৰুমা সভানেত্ৰীগৰাকীৰ স্বামী আলাল উদ্দিনকো গ্ৰেপ্তাৰ কৰিছে।

খবৰ অনুসৰি, ধৃত দম্পতীহালে পঞ্চায়ত সচিবৰ ভুৱা স্বাক্ষৰেৰে প্ৰায় ২৫ লাখ টকা আত্মসাৎ কৰিছিল।

পঞ্চায়তৰ সচিব গৰাকীয়ে কেলেংকাৰীৰ বিষয়ে জানিব পৰাত বৰপেটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে বৰপেটা আৰক্ষীয়ে ১০২ নং কুমুলীয়াপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমা পাৰবীনক আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা দম্পতীহালক বৰপেটা আদালতত হাজিৰ কৰা হয়। পিছত আদালতে সভানেত্ৰী আৰু তেওঁৰ স্বামীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ইফালে, সম্প্ৰতি গ্ৰেপ্তাৰ কৰা দম্পতীহালক বৰপেটা সদৰ থানাত জেৰা অব্যাহত আছে।

ইয়াৰ উপৰিও বৰপেটা সদৰ থানাত সভাপতিৰ স্বামীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত আন এক গোচৰ (৮৩১/২২) ৰুজু কৰা হৈছে। এই গোচৰতো বৰপেটা আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে।