পঞ্চায়ত কাৰ্যালয়ৰ কৰ্মৰত অৱস্থাত শ্ৰমিকৰ ওপৰত বাগৰি পৰিল লোহাৰ গেট, মৃত্যু

114

বঙাইগাঁৱৰ কাকাৰগাঁও গাঁও পঞ্চায়তত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত কৰ্মৰত অৱস্থাত গাৰ ওপৰত লোৰ গেট পৰি মৃত্যু ঘটে এজন শ্ৰমিকৰ।

জানিব পৰা মতে, নবীন চন্দ্ৰ দে নামৰ শ্ৰমিকজনে কাৰ্যালয়ত ৰং মিস্ত্ৰী হিচাপে কৰ্মৰত হৈ আছিল।

গাৰ ওপৰত লোহাৰ গেট বাগৰি পৰি গুৰুতৰভাৱে আহত হোৱা শ্ৰমিকজনক হাস্পতাললৈ লৈ যোৱা হয় যদিও বাটতে তেওঁৰ মৃত্যু ঘটে।

দুৰ্ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।