পখিলা খেলা সময়ত এগৰাকী কণমানি দেৱ শিশু কৰ্কট ৰোগত আক্ৰান্ত

207

পখিলা খেলা সময়ত এগৰাকী কণমানি দেৱ শিশু কৰ্কট ৰোগত আক্ৰান্ত।যোৱা এবছৰ ধৰি দিন হাজিৰা কৰা পিতৃ মাতৃয়ে চিকিৎসা কৰি ভাগৰি পৰিছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ দিন হাজিৰা কৰা পিতৃ মাতৃ উন্নত চিকিৎসা বাবে।উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মটক চাহ বাগিচাৰ খেলমাটি লাইনৰ অজিত তাতী আৰু সুমিত্ৰা মিৰ্ধা তাতীৰ একমাত্ৰ কন্যা সন্তান ৩ বছৰীয়া সন্তান যোহী তাতী বিগত এটা বছৰৰ পৰা আক্ৰান্ত হৈছে গুৰুতৰ কৰ্কট ৰোগত। কণমানি জনীৰ দৰিদ্ৰ পিতৃ মাতৃয়ে প্ৰায় এটা বছৰ ধৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তাইৰ চিকিৎসা কৰি আছে যদিও তাইৰ অৱস্থা বৰ্তমান অধিক গুৰুতৰ হৈ পৰাত চিকিৎসকে পৰিয়ালটোক পৰামৰ্শ দিছে শীঘ্ৰেই তাইক অসমৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ বাবে। কিন্তু দুখৰ কথা ইতিমধ্যেই শিশুটিৰ চিকিৎসাত প্ৰায় সৰ্বশ্ৰান্ত হোৱা পৰিয়ালটোৰ হাতত এতিয়া নাই এটাও সাঁচতীয়া ধন। যাৰ ফলত নিজৰ চকুৰ আগতেই টিলটিল কৈ সন্তানক মৃত্যুৰ মুখে গতি কৰা দেখি চকুৰে বাট নেদেখা হৈছে দুৰ্ভগীয়া পৰিয়ালটো। এনে প্ৰেক্ষাপটত তাইৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লগতে অসম ৰাইজক সহায় কৰিবলৈ অনুৰোধ জনায় দিন হাজিৰা কৰা পিতৃ মাতৃয়ে।