নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যত ঘোষণা ক’ৰোনা এলাৰ্ট

59

ইউৰোপত আকৌ বাঢ়িছে ক’ৰোনাৰ সংক্ৰমণ ৷ ব্ৰিটেইনত ক’ৰোনাৰ সংক্ৰমণে শক্তিশালী ৰূপ ধাৰণ কৰাত ইতিমধ্যে দেশখনত বলৱৎ কৰা হৈছে ল’ক ডাউন। ক’ৰোনা ভাইৰাছকলৈ এতিয়া ভাৰত চৰকাৰেও গ্ৰহণ কৰিছে সতৰ্কতা। ইতিমধ্যে দেশৰ বহুকেইখন ৰাজ্যত সান্ধ্য আইন জাৰি কৰা হৈছে। তাৰ মাজতে অসম চৰকাৰেও ক’ৰোনাৰ এলাৰ্ট জাৰি কৰিছে। মুখ্য সচিব জিষ্ণু বৰুৱাই জিলা উপায়ুক্তসমূহলৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশ।


• নৱবৰ্ষ উদযাপনকলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা৷
• নিউ ইয়েৰ পাৰ্টিত ৫০তকৈ অধিক লোক থাকিব নোৱাৰিব৷
• সকলো পাৰ্টিতে ৫০% লোকহে থাকিব পাৰিব৷
• মুকলি ঠাইত পাৰ্টি হ’লে সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব৷
• সকলো ধৰ্মীয় অনুষ্ঠান ঘৰৰ ভিতৰত কৰিব লাগিব৷
• মুকলি ঠাইত কৰিবলগীয়া হ’লে ক’ভিড নিয়মাৱলী মানি কৰিব লাগিব ৷
• উদ্যোক্তাসকলে সকলোকে মাস্ক পিন্ধা আৰু হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰ কৰা সুনিশ্চিত কৰাৰ লগতে কৰ্মচাৰীৰ ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক হ’ব৷
ৰাজ্য চৰকাৰে জাৰি কৰা এই গাইড লাইন অহা ১ জানুৱাৰীলৈকে বাহাল থাকিব।