নৈৰ সোঁতত উটি গ’ল বাহন, নিহত ৯ জন

102

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ নাইনিতাল জিলাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৯ জনকৈ লোকে।

জিলাখনৰ ৰামনগৰত এখন যাত্ৰীবাহী এৰটিগা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ঢেলা নৈত বাগৰি পৰাত নিহত হয় বাহনখনৰ ৯ গৰাকী যাত্ৰী।

ইফালে দুৰ্ঘটনাৰ পিছত স্থানীয় ৰাইজে এগৰাকী মহিলা যাত্ৰীক বাহনখনৰ ভিতৰৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, অধিক দ্ৰুতবেগত আহি থকা বাহনখন নৈত বাগৰি পৰাৰ পিছতে নৈৰ কোবাল সোঁতত উটি যায়।

বাহনখনৰ ভিতৰৰ পৰা ইতিমধ্যে ৭ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

নিহত সকলক ভিতৰত আছে ৩ জন পুৰুষ আৰু ৬ গৰাকী মহিলা।

নিহত পুৰুষ তিনিজনৰ ঘৰ পঞ্জাৱৰ পাটিয়ালাত বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে এই দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰি নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।