নৈশ বাছৰ পৰা উদ্ধাৰ সজীৱ গুলীসহ পিষ্টল।
বোকাজানৰ খটখটি আৰক্ষীৰ নিয়মীয়া তালাচীত উদ্ধাৰ দুটাকৈ পিষ্টল আৰু মেগাজিন।
আপেলৰ বাকচত লুকুৱাই আনিছিল .32 পিষ্টল আৰু মেগাজিন।
ডিমাপুৰৰ পৰা মন জিলালৈ নৈশ বাছত সৰবৰাহৰ সময়তে জব্দ।
পিষ্টলকেইটাৰ লগতে জব্দ কৰে দুটা ৱাকী টকী।
উল্লেখ্য যে, NL 07 B 0385 নম্বৰৰ দ্বীপ নামৰ বাছখনত চলিছিল অভিযান।
কিন্তু এই সন্দৰ্ভত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল।
