নেমকেয়াৰৰ চুড়ান্ত হেমাহিৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে

169

তেজপুৰত ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰৰ চুড়ান্ত হেমাহিৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে ৷ মানৱ সেৱাৰ নামত মানুহৰ জীৱনক লৈ হেতালি খেলিছে তেজপুৰস্থিত নেমকেয়াৰ হস্পিতালে ৷ যোৱা নিশা প্ৰায় দহ মান বজাত L B road ৰ এখন দোকানত কাম কৰা তেজপুৰৰ পাঁছমাইল নপাম বৰগুৰীৰ প্ৰনৱ দাস নামৰ যুৱক জনে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি AS 12 N 8221 নম্বৰৰ গ্লেমাৰ বাইক খনেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা দ্ৰুতবেগী AS 12 AB 6425 নম্বৰৰ ডমিনজ 250 বাইক খনেৰে অভিনাশ শইকীয়া নামৰ যুৱক জনে প্ৰচণ্ড জোৰেৰে খুন্ধা মৰাৰ ফলত দুয়ো চিঠিকি পৰে ৷ পিছত দুয়োকে নিশা 10,30 মান বজাত স্থানীয় ৰাইজৰ সহযোগত তেজপুৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰায় ৷ অভিনাশক কিছু সময় নেমকেয়াৰত ৰাখে যদিও পৰিয়ালৰ লোকে পৰৱৰ্তী সময়ত Time’s hospital ত নি তাৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যায় ৷

কিন্তু আশ্চৰ্য জনক বিষয়য়তো হ’ল যে নেমকেয়াৰ চিকিৎসালয়ত প্ৰনৱক নিশা দুই বজালৈকে ৰাখি পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ প্ৰস্তাৱ দিয়ে ৷ মন কৰিব লগা বিষয়তো হ’ল যে ভেণ্টিলেছনৰ সুবিধা থকা এম্বুলেন্স আছে কিন্তু নাই অপাৰেটৰ ৷ তেনেস্থলত দুই পক্ষৰ মাজত চলা বাক বিতন্দাৰ পৰিণতিত অকাল মৃত্যুক সাৱতিলে প্ৰনৱ দাসে ৷

ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষী থানত পৰিয়াল বৰ্গৰ লোকে এজাহাৰ দাখিল কৰে। গোচৰ নম্বৰ, 948/22 ত চেকছন নম্বৰ 279/304(A)

উল্লেখনীয় বিষয়তো হ’ল মানৱ সেৱাৰ নামত মানুহৰ জীৱনক লৈ হেতালি খেলা এই ব্যক্তিগত চিকিৎলয় সমূহক নাকি লগাব পাৰিবনে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হব।