নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত ইন্তাৰনেচনেল ৰোলাৰ স্কেনিং খেলত দুটাকৈ সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই আনিছে বটদ্ৰৱাৰ এটি কণমানিয়ে।

100

নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত ইন্তাৰনেচনেল ৰোলাৰ স্কেনিং খেলত দুটাকৈ সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই আনিছে বটদ্ৰৱাৰ এটি কণমানিয়ে। সুশাংক বৰুৱা নামৰ কণমানিটোৱে নিজে অনুশীলন কৰিছিল এই খেল। প্ৰথম অৱস্থাত ইণ্টাৰস্কুল খেলাৰ সুযোগ পোৱা সুশাংকই ইণ্টাৰ নেশ্যনেল খেলাৰ বাবে বাছনিত উঠিছিল।ফুলকুমলীয়া শৈশৱতে ইণ্টাৰনেশ্যনেল খেলি দুটাকৈ সোণৰ পদক অৰ্জন কৰা সুশাংকৰ এই সাফল্যত উৎফুল্লিত হৈছে নিজৰ পিতৃমাতৃৰ লগতে গুৰুজনাৰ জন্মস্থানৰ ৰাইজ। পিতৃৰ চাকৰি সূত্ৰে গুৱাহাটীত থাকি শিক্ষা গ্ৰহণ কৰা সুশাংক বৰাই
দিছপুৰ স্কেটিং ৰিংৰ পৰা নেপালৰ কাঠমাণ্ডুত ১০ বছৰ অনুৰ্দ্ধ শাখাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি ২০০ মিটাৰ আৰু ৪০০ মিটাৰ খেলত দুটাকৈ পদক অৰ্জন কৰি অসম আৰু ভাৰতৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সুশাংকৰ পিতৃৰ নাম সন্তোষ বৰা আৰু মাতৃৰ নাম পিংকি বৰা। তেওঁ পিতৃ মাতৃৰ জেষ্ঠ সন্তান।