নেপালত মৃত্যুৰ কিৰিলি! প্ৰবল ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু

217

পুনৰ নেপালত মৃত্যুৰ বিভীষিকা।

শুকুৰবাৰে নেপালত ৬.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয়।

এই প্ৰবল ভূমিকম্পৰ কম্পন দিল্লীতো অনুভৱ কৰা হয়।

জানিব পৰা মতে, এই প্ৰবল ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল নেপালৰ জাজাৰকোটৰ ৰমিদাণ্ডাৰ সমীপত।

খবৰ অনুসৰি জাজাৰকোট আৰু ৰুকুম জিলা দুখন ভূমিকম্পৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

ইফালে উদ্ধাৰ অভিযান চলাবলৈ নেপাল সেনা আৰু নেপাল আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে।