২০২১ বৰ্ষৰ পৰা প্ৰতিবছৰে ২৩ জানুৱাৰী দিনটো ‘পৰাক্ৰম দিৱস’ ৰূপে পালন কৰিব ভাৰতবৰ্ষই। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে । ১৯ জানুৱাৰীত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে । নেতাজীৰ ১২৫ সংখ্যক জন্মদিনটো বিশেষভাৱে উদযাপন কৰিবলৈ ২০২০ বৰ্ষৰ ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক আহ্বান জনাইছিল । ১৮৯৭ চনৰ ২৩ জানুৱাৰীত ওড়িশাৰ কটকত জন্মগ্ৰহণ কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতৰ স্বাধীনতা আন্দোলনত উল্লেখনীয় অৱদান আছে । নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বতে আজাদ হিন্দ ফৌজ গঠন কৰা হৈছিল । তেখেতৰ অদম্য সাহস আৰু দেশৰ প্ৰতি আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে তেখেতৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে এই দিৱসটো ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
