দিল্লীৰ ৰাজপথত ৰাজহুৱা স্থানত সংঘটিত এক জঘণ্য হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। ৰাজপথত এজন যুৱকে নিজৰ কিশোৰী প্ৰেয়সীক নৃশংসভাৱে হত্যা কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।
প্ৰেয়সীক নৃশংসভাৱে হত্যা কৰা যুৱকজনৰ চাহিল বুলি চিনাক্ত কৰা হৈছে। ইফালে এই হত্যাকাণ্ডৰ আন এটা ভিডিঅ’ও এতিয়া পোহৰলৈ আহিছে। য’ত হত্যাকাণ্ডৰ ঠিক আগৰ মুহূৰ্তবোৰ বন্দী হৈছে।
এই নতুন ভাইৰেল ভিডিঅ’টোত চাহিলক দিল্লীৰ শ্বাহবাদ ডেইৰী এলেকাৰ এজন ব্যক্তিৰ সৈতে কথা পাতি থকা দেখা গৈছে। লোকজনৰ সৈতে কথা পাতি থকাৰ সময়তে অভিযুক্তই নীলা ৰঙৰ টি-চাৰ্ট পিন্ধি আছে। কিশোৰীগৰাকী সময়ত সাক্ষাতৰ বাবে অপেক্ষা কৰি থকা দেখা গৈছে। আৰক্ষীয়ে জনোৱা মতে, চাহিলে কথা পাতি থকা ব্যক্তিজনৰ নাম আকাশ। তদন্তকাৰীয়ে লোকজনৰ সৈতে হত্যাকাণ্ডৰ মাজত কোনো সম্পৰ্ক আছে নেকি সেই বিষয়ে তদন্ত কৰি আছে।
মন কৰিবলগীয়া যে দেওবাৰে দিল্লীৰ ৰাজপথত প্ৰেমিক চাহিলে অতি নিৰ্মমভাৱে হত্যা কৰিছিল কিশোৰী প্ৰেমিকাক। মৃত্যু নিশ্চিত কৰিবলৈ গধুৰ শিলেৰে মূৰত উপৰ্যুপুৰি আঘাত কৰিছিল। দিল্লী আৰক্ষীয়ে জনোৱা মতে, চাহিল আৰু কিশোৰীগৰাকীৰ মাজত প্ৰায় ৩ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল। ঘটনাৰ দিনা দুয়োজনৰ মাজত কাজিয়া হৈছিল।
কিশোৰীগৰাকীয়ে এজন বন্ধুৰ পুত্ৰৰ জন্মদিনৰ বাবে ঘৰৰ পৰা ওলাই আহিল। চাহিলে এই বিষয়ে গম পাই পথত প্ৰেমিকাৰ বাবে অপেক্ষা কৰি আছিল। ইয়াৰ পিছতে দুয়োৰে মাজত সৃষ্টি হোৱা কাজিয়াত অভিযুক্ত চাহিলে নৃশংসভাৱে হত্যা কৰে কিশোৰীগৰাকীক। পিছত স্থানীয় ৰাইজে ৰাজপথৰ ওপৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ।
ইফালে, জেৰাৰ সময়ত চাহিলৰ বক্তব্যৰ উদ্ধৃতি দি আৰক্ষীয়ে দাবী কৰে যে অভিযুক্ত চাহিলে দিল্লীৰ এটা কোম্পানীত এচি আৰু ফ্ৰীজ টেকনিচিয়ান হিচাপে কাম কৰি আছিল।
আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
