কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত আহমেদপুৰ গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। যৌতুকৰ বাবেই অন্তঃসত্বা বোৱাৰীক হাতুৰীৰে মৰিয়াই হত্যা শহুৰেকৰ। হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন শহুৰেক কোৰবান আলীৰ।
জানিব পৰা মতে, দুবছৰ পূৰ্বে আহমেদপুৰ গাঁৱৰ মফিজুল আলীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা বুঢ়ীচাটাম গাঁৱৰ নুৰজিমা বেগমক (২২) প্ৰায়ে স্বামীগৃহৰ পৰিয়ালে যৌতুকৰ বাবে শাৰিৰীক, মানসিক নিৰ্যাতন চলাই আহিছিল। শেহতীয়াকৈ স্বামী গৃহৰ লোকে নুৰজিমাৰ পিতৃৰ পৰা ৩০ হাজাৰ টকা আনিবলৈ দাবী জনাইছিল।
কিন্তু নুৰজিমাই সেই দাবী পূৰণ কৰিব নোৱাৰাত শহুৰেক কোৰবান আলীয়ে মূৰত হাতুৰীৰে মৰিয়াই হত্যা কৰে নুৰজিমাক।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে স্বামী মফিজুৰ আলীক আটক কৰিছে যদিও এতিয়াও পলাতক হৈ আছে হত্যাকাৰী কোৰবান আলী। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।