নৃশংস! প্ৰথমে ডিঙি ৰেপি হত্যা, তাৰ পিছতে ৬মহীয়া শিশুসহ একে পৰিয়ালৰ ৪ সদস্যক জ্বলাই দিলে হত্যাকাৰীয়ে…

93

বুধবাৰে পুৱা ৰাজস্থানৰ যোধপুৰৰ এটা ঘৰত উদ্ধাৰ হয় ছমহীয়া কেঁচুৱাকে ধৰি এটা পৰিয়ালৰ চাৰিজন সদস্যৰ অগ্নিদগ্ধ মৃতদেহ। খবৰ অনুসৰি আক্ৰমণকাৰীয়ে পৰিয়ালৰ সদস্য কেইজনক প্ৰথমে ডিঙি ৰেপি হত্যা কৰি তাৰ পিছত মৃতদেহ গোটাই একেলগে জ্বলাই দিয়ে।

আজি পুৱাৰ ভাগত চৌৰাই গাঁৱৰ এটা ঘৰৰ পৰা ধোঁৱা ওলোৱা চুবুৰীয়াই প্ৰত্যক্ষ কৰাৰ পিছতে এই কৰুণ ঘটনা পোহৰলৈ আহে। ইয়াৰ পিছতে স্থানীয় কৰ্তৃপক্ষক এই শোকাৱহ ঘটনাৰ বিষয়ে ক্ষীপ্ৰতাৰে অৱগত কৰে আৰু তাৰ পিছত তেওঁলোকে ততাতৈয়াকৈ সেই স্থানলৈ যায়।

স্থানীয় বাতৰি অনুসৰি আৰক্ষীৰ তথ্য অনুসৰি পুৱা প্ৰায় ৩ বজাত সংঘটিত হৈছে এই ঘটনা। ঘৰৰ চোতালত বাহিৰত শুই আছিল ভুক্তভোগী পৰিয়ালৰ লোক। খবৰ অনুসৰি অভিযুক্তই ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰাৰ পিছত সকলো মৃতদেহ একেলগে টানি আটাইকেইটাত জুই লগাই দিয়ে।

ফৰেনছিক দলৰ সৈতে আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে আৰু অপৰাধস্থলীৰ পৰা গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহ কৰি আছে। এতিয়ালৈকে গণহত্যাৰ আঁৰৰ উদ্দেশ্য জানিব পৰা হোৱা নাই।

সহকাৰী উপ-পৰিদৰ্শক আমনা ৰামে নিহতসকলৰ মৃতদেহ চিনাক্ত কৰা বুলি জানিব পৰা গৈছে। নিহত সকলক পূনাৰাম (৫৫), পত্নী ভানৱৰী (৫০), বোৱাৰী ধাপু (২৪), তেওঁৰ ছমহীয়া কন্যা সন্তান বুলি চিনাক্ত কৰা হৈছে।

কেঁচুৱাটোৰ মৃতদেহটো সম্পূৰ্ণৰূপে জুইৰ শিখাই ভস্মীভূত হোৱাৰ বিপৰীতে বাকী মৃতদেহবোৰ আংশিকভাৱে জ্বলি গৈছিল। আৰক্ষীয়ে মৃত পৰিয়ালটোৰ তথ্য আৰু প্ৰকাশ কৰে। তেওঁলোক মূলতঃ কৃষি কামত নিয়োজিত আছিল আৰু ঘৰটোত চুৰিৰ কোনো চিন নথকাৰ বাবে হত্যাৰ উদ্দেশ্য ব্যক্তিগত শত্ৰুতা বুলি অভিযোগ উত্থাপন কৰা হৈছে। বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে।