নৃশংস! পেহীয়েকক টুকুৰা টুকুৰকৈ কাটি পেলাই দিলে নিৰ্জন ঠাইত, তাৰ পিছত দাখিল কৰিলে নিৰুদ্দেশৰ অভিযোগ…

196

আন এক শ্ৰদ্ধা কাণ্ড!

এইবাৰ নিজৰ পেহীয়েককে নৃশংসভাৱে হত্যা যুৱকৰ।

ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এই ঘটনা।

হাতুৰীৰে মৰিয়াই নিজৰ পিতৃৰ ভগ্নীক হত্যা কৰে অনুজ নামৰ এজন পাষণ্ডই।

তাৰ পিছতে মৃতদেহ কেইবা টুকুৰাকৈ কাটি লৈ আনে দিল্লীলৈ।

দিল্লীৰ নিৰ্জন স্থানত পেলাই দিয়ে পেহীয়েকৰ দেহৰ টুকুৰা।

ইয়াৰ পিছত নিজেই পেহীয়েকৰ নিৰুদ্দেশ সম্পৰ্কে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পাষণ্ডজনে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী অনুজক।