নুমলীগড়ত চাহ শ্ৰমিকৰ প্ৰতিবাদ..

59

নুমলীগড়ৰ ধলাগুৰী চাহ বাগিচাত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ ৷ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা প্ৰদান, শ্ৰমিকৰ বকেয়া ধন আদায় দিয়া, চাহ জনগোষ্ঠীক জনজাতিকৰন কৰা, ভূমি পট্টা প্ৰদান কৰা আদিৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শীঘ্ৰেই দাবী সমুহ কাৰ্যকৰী কৰণৰ বাবে চৰকাৰক সকীয়াই দিয়ে ৷ অন্যথা অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকিয়াই দিয়ে ৷ শতাধিক চাহ শ্ৰমিকৰ অংশগ্ৰহণৰে চাহ মজদুৰ সংঘৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ধলাগুৰী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত ৷