নিৰ্যাতিতাৰ পৰা ৰাখী পিন্ধাৰ চৰ্তত অভিযুক্তক জামিন দিছিল উচ্চ ন্যায়ালয়ে, ৰায়দান খাৰিজ উচ্চতম ন্যায়ালয়ৰ

88

২০২০ চন। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক ৰায়ে চকু কপালত তুলিছিল সকলোৰে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ইন্দোৰ বিচাৰপীঠে মাত্ৰ কেইটামান চৰ্তৰ বিনিময়তে জামিন প্ৰদান কৰিছিল মহিলাৰ সৈতে নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত এজন লোকক। তেতিয়া ন্যায়ালয়ৰ এই ৰায়দানে দখল কৰিছিল সংবাদ মাধ্যমৰ শিৰোনাম। ন্যায়ালয়ৰ নিৰপেক্ষ ৰায়ক লৈও প্ৰশ্নৰ উত্থাপন কৰিছিল বহুতে।

সেয়া যিয়েই নহওক, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ইন্দোৰ বিচাৰপীঠে প্ৰদান কৰা এই ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৯গৰাকীকৈ মহিলা অধিবক্তা। ন্যায়ালয়ৰ এনে ৰায়ে মহিলাক মাত্ৰ উপভোগৰ সামগ্ৰী ৰূপে বিচাৰ কৰা বুলি অভিযোগ কৰিছিল মহিলা অধিবক্তা সকলে। আৰু তাৰ পিছতে সুদীৰ্ঘ ৯ মাহৰ অন্তত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।

দৰাচলতে ২০২০ চনত কোৰোনাই সংহাৰী ৰূপ ধাৰণ কৰা এপ্ৰিল মাহতে ইন্দোৰত সংঘটিত হৈছিল এই ঘটনা। বিক্ৰম বাগৰী নামৰ এজন লোকে স্থানীয় এগৰাকী বিবাহিত মহিলাৰ ঘৰত প্ৰৱেশ কৰি শাৰিৰীকভাৱে নিৰ্যাতন চলাইছিল। ইয়াৰ পিছতে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত বিক্ৰম বাগৰীক।

কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত বিক্ৰম বাগৰীয়ে জুলাইত জামিনৰ বাবে আবেদন জনায় মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত। জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি অভিযুক্তৰ সন্মুখত কেইটামান চৰ্ত ৰাখে উচ্চ ন্যায়ালয়ে। তাৰ ভিতৰত অন্যতম হৈছে যে ৩ আগষ্ট অৰ্থাৎ ৰাখী বন্ধনৰ দিনাখন অভিযুক্তই পত্নীসহ নিৰ্যাতিতাৰ ঘৰলৈ যাব লাগিব। নিৰ্যাতিতাৰ হাতেৰে ৰাখী পিন্ধিব লাগিব আৰু চিৰদিন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব। ইয়াৰোপৰিও ৰাখী বন্ধনৰ সময়ত নিৰ্যাতিতাক ১১ হাজাৰ টকা উপহাৰ স্বৰূপে আৰু নিৰ্যাতিতাৰ পুত্ৰক ৫ হাজাৰ টকাৰ মিঠাই আৰু খেলৰ সামগ্ৰী কিনি দিব লাগিব বুলিও অভিযুক্তৰ সন্মুখত চৰ্ত ৰাখে উচ্চ ন্যায়ালয়ে। এই চৰ্তৰ বিনিময়তে ৩০ জুলাইত জামিন প্ৰদান কৰা হয় অভিযুক্ত বিক্ৰম বাগৰীক।

কিন্তু ন্যায়ালয়ৰ এই ৰায়ক লৈ চৰ্চা আৰম্ভ হোৱাৰ পিছতে পুনৰ গ্ৰেপ্তাৰ কৰা হয় বিক্ৰম বাগৰীক। এতিয়া এই ৰায় খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ লগতে মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ওপৰত মন্তব্য প্ৰদান নকৰিবলৈও অন্য আদালতসমূহৰ ন্যায়াধীশক সকিয়নী প্ৰদান কৰে।