১২ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ’ব কংগ্ৰেছৰ ‘অসম বচাওঁ আহক’ বাছযাত্ৰা । চাৰিখন বাছেৰে কংগ্ৰেছে শুভাৰম্ভ কৰিব এই বাছযাত্ৰা অভিযান । এই অভিযানৰ জৰিয়তে ৰাজ্যৰ সকলো ভোটাৰক লগ ধৰি তেওঁলোকৰ ওজৰ-আপত্তি তথা সমস্য়াসমূহৰ বুজ লব দলীয় নেতা-কৰ্মীসকলে । এই কথা প্ৰকাশ কৰিছে দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান কমিটিৰ অধ্যক্ষ শ্ৰী প্ৰদ্যুৎ বৰদলৈয়ে ।
এই বাছ যাত্ৰাৰ নেতৃত্বত থাকিব ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া আৰু সুস্মিতা দেৱ । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কয়, যোৱা পাঁচ বছৰে বিজেপিৰ অপশাসনত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাৰ কৰা দুখ-দুৰ্দশা আৰু অভাৱ- অভিযোগৰ বুজ ল’বলৈ প্ৰতিটো পৰিয়ালৰ দুৱাৰডলিলৈ যাব কংগ্ৰেছ দল ।