নিৰ্বাচনৰ প্ৰাকক্ষণত AIUDFৰ দুই নেতাক নিলম্বন

71

সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ-এআইইউডিএফৰ মহামিত্ৰজোঁটে। সংখ্যালঘু অধ্যুষিত সমষ্টিত দুই দলে বুজা পৰাৰ মাজেৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কিন্তু তাৰ মাজতে কংগ্ৰেছৰ সৈতে কৰা মহাজোঁট বন্ধনক প্ৰত্যাখ্যান কৰি নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা দুগৰাকী প্ৰাৰ্থীক দলৰ পৰা বহিস্কাৰ কৰিলে এআইইউডিএফে।

উল্লেখ্য যে, এআইউডিএফৰ মতিউৰ ৰহমানে বটদ্ৰৱাৰ পৰা আৰু নুৰুল আমিন চৌধুৰীয়ে ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰিছিল। ইয়াৰ পিছতে এই দুয়োগৰাকী নেতাক দলৰ পৰা নিলম্বন কৰে এআইইউডিএফৰ নেতৃত্বই।

এআইইউডিএফৰ মুখপাত্ৰ হাইদৰ হুছেইন বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মতিউৰ ৰহমান আৰু নুৰুল আমিন চৌধুৰীয়ে নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰি কেৱল দলৰ নিয়মেই উলংঘা কৰা নাই, এআইইউডিএফৰ সৈতে সাদৃশ্য থকা প্ৰতীক ব্যৱহাৰ কৰি গুৰুতৰ অপৰাধো কৰিছে। দুই নেতাৰ নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বদৰুদ্দিন আজমলেও।

আনহাতে দলৰ পৰা নিলম্বিত হোৱা সন্দৰ্ভত নুৰুল আমিন চৌধুৰীয়ে কয় যে যিদিনা তেওঁ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰিছিল, সিদিনাই এআইইউডিএফৰ সৈতে সম্পৰ্কৰ অৱসান ঘটিছিল। কিন্তু নিৰ্বাচনৰ ঠিক প্ৰাক ক্ষণত এআইইউডিএফৰ ভিতৰচৰাত দেখা দিয়া এই সংঘাতে নিৰ্বাচনত কেনে প্ৰভাৱ পেলায়, সেয়া সময়তহে লক্ষণীয় হব।