নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত পুনৰ তীব্ৰতৰ হব ‘কা’ আন্দোলন

73

২০ মাৰ্চৰ পৰা পুনৰ তীব্ৰতৰ হব কা আন্দোলন। নিৰ্বাচনৰ এসপ্তাহ পূৰ্বে সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিব আছুৱে।

উল্লেখ্য যে, অহা ২৭ মাৰ্চত অনুষ্ঠিত হব অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। কিন্তু নিৰ্বাচনৰ এসপ্তাহ পূৰ্বেই সমগ্ৰ অসমত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আছুৱে। আছুৰ সভাপতি দিপাংক নাথে এই বিষয়ে জানিবলৈ দি কয় যে ২০ মাৰ্চত সমগ্ৰ অসমত আছু সদস্যৰ দ্বাৰা বাহিৰ কৰা হব এক প্ৰতিবাদী বাইক ৰেলী।

নাগৰিকত্ব সংশোধনী আইন আনি অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব বিচৰা বিজেপি চৰকাৰক নিৰ্বাচনত অসমীয়াই উচিত প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে দিপাংক নাথে। আনহাতে এই কা বিৰোধী আন্দোলন কা বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব বুলিও হুংকাৰ প্ৰদান কৰিছে আছুৰ সভাপতিগৰাকীয়ে।

উল্লেখ্য যে, ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে সমগ্ৰ অসম কঁপাই তুলিছিল। ৫ গৰাকী শ্বহীদৰ তেজেৰে ৰক্তাক্ত হোৱা এই আন্দোলন কোৰোনা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে ২০২০ বৰ্ষত শাম কাটিলেও লাহে লাহে পুনৰ তীব্ৰতৰ হৈ উঠিছে আন্দোলন। নিৰ্বাচনৰ পূৰ্বে যদি আছুৱে সমগ্ৰ অসমত প্ৰতিবাদ সাব্যস্ত কৰে তেন্তে নিৰ্বাচনৰ ফলাফলত যে ইয়ে প্ৰভাৱ পেলাব, সেয়া নিশ্চিত।