শুকুৰবাৰে নিশা ৪০০ চাইকেল উদ্ধাৰ কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচন আয়োগক চমজাই দিয়ে৷ ৪০০ চাইকেল মৰিয়নি চাহ জনজাতি ছাত্ৰাৱাসত লুকুৱাই ৰাখিছিল৷ অধিসূচনা জাৰি কৰাৰ পিছতে তৎপৰ পৰে কংগ্ৰেছে বিতৰণৰ বাবে মজুত কৰি ৰাখিছিল বুলি অভিযোগ উঠিছে৷ শুকুৰবাৰে দিনৰ ভাগত অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়তে শুকুৰবাৰে নিশা উজনিৰ নিশা উজনিৰ মৰিয়নী সমষ্টিত কংগ্ৰেছে অভিযান চলাই বিতৰণৰ বাবে মজুত কৰি ৰখা ৪০০ চাইকেল উদ্ধাৰ কৰে৷
চৰকাৰী আঁচনিৰ চাইকেলসমূহ মৰিয়নি চাহ জনজাতি ছাত্ৰাৱাসত মজুত কৰি ৰখা হৈছিল৷ কোনো লোকে দিয়া খবৰৰ ভিত্তিত বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে একাংশ কংগ্ৰেছৰ কৰ্মীক লৈ অভিযান চলাই চাইকেলসমূহ উদ্ধাৰ কৰি নিৰ্বাচনী আয়োগক গতাই দিয়ে৷ ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ উত্থাপন কৰি কয় যে ৫ বছৰে বিজেপিৰ মনত নপৰিল৷ মূল্যবৃদ্ধি কৰি সহজ সৰল চাহ জনজাতিক নিৰ্বাচনৰ আগমুহূৰ্তত মনত পৰিল৷
চাহ জনজাতিৰ দাবীসমূহ যেনে দৈনিক হাজিৰা ৩৫১ টকা কৰা, চাহ জনজাতিসকলক জনজাতিকৰণ কৰা, মাটিৰ পট্টা দিয়া আদি দাবী BJP-এ পূৰণ নকৰিলে৷ ফেচবুক পোষ্টত ৰূপজ্যোতিয়ে কয় যে যোৱা কালি ৰাতি মৰিয়নি চাহ জনজাতি ছাত্ৰাৱাসত চাইকেল বিতৰণৰ বাবে অনা ৪০০ চাইকেল ধৰা পেলাও আৰু পূৱা নিৰ্বাচন আয়োগক চমজাই দিও চাইকেলসমূহ৷
