নিৰ্বাচনৰ গৰম বতাহৰ মাজতে কাৰ্বি পাহাৰৰ ডিলাই-মাঞ্জাত ১০ লাখ টকা জব্দ

68

নিৰ্বাচনী অধিসূচনা বলবৎ হোৱাৰ পিছৰে পৰা কাৰ্বি আংলঙৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে বুজন পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ কেইদিনমানৰ পূৰ্বে ডিলাই থানাৰ আৰক্ষীয়ে এখন যাত্ৰীবাহী বাছত অভিযান চলাই আঢ়ৈ লাখকৈ টকা জব্দ কৰাৰ পিছতে আজি পুনৰ ডিলাই আৰক্ষীয়ে অভিযান চলাই সাত লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, আজি দিনৰ প্ৰায় বাৰ বজাত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা হোজাই অভিমুখী এখন যাত্ৰীবাহী বাছত নিয়মীয়া তালাচী চলোৱাৰ সময়তে হোজাই নগৰ নিবাসী লখন শ্বাহ নামৰ লোকজনৰ জিম্মাৰ পৰা নগদ সাত লাখ টকা জব্দ কৰে।

জব্দ হোৱা ধনসমূহ শ্বাহে ব্যৱসায়িক কাৰণত আনিছে বুলি দাবী কৰিছে। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। আনহাতে, আজি জিলাখনৰ মাঞ্জা আৰক্ষীয়েও অভিযান চলাই এখন ইন’ভা গাড়ীৰ পৰা বুজন পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা এখন ইন’ভা বাহনত চলোৱা তালাচীত আৰক্ষীয়ে নগদ ৩,৪৮,৮০০ টকা জব্দ কৰিবলৈ সক্ষম হয়। ধনখিনি সৰবৰাহ কৰি অনা গুৱাহাটীৰ কাহিলীপাৰা নিবাসী সম্ৰাট দেৱ নামৰ লোকজনে জব্দ হোৱা ধনসমূহৰ সন্দৰ্ভত বিশেষ কোনো নথি-পত্ৰ প্ৰদান কৰিব পৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জব্দ হোৱা ধনৰাশিৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।