নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু এটা দিন…

63

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত আৰু কেইটামান ঘণ্টা বাকী। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনসমূহে। এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৮১ লাখ ৯ হাজাৰ ৮৫০ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনত অৱতীৰ্ণ হব মুঠ ২৬৪ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰে ২৪১ গৰাকী পুৰুষ প্ৰাৰ্থী হোৱাৰ বিপৰীতে ২৩ গৰাকী মহিলা প্ৰাৰ্থী।

ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাড়েয়ে সংবাদ মেলত প্ৰকাশ ককৰা অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ পলিং ষ্টেছন আছে ১১৫৩৭ টা। ইয়াৰে ৯৬২০ টা মূল পলিং ষ্টেছন হোৱাৰ লগতে বাকী ১৯১৭টা হৈছে অতিৰিক্ত পলিং ষ্টেছন।

নিৰ্বাচন পৰিচালনাৰ বাবে ২ লাখ ৪১ হাজাৰ ২৬৯ গৰাকী পলিং পাৰ্ছনেল নিয়োগ কৰা হৈছে। প্ৰতিখন জিলা আৰু ৰাজ্যুক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত থকা কন্ট্ৰ’ল ৰুমৰ পৰা নিৰ্বাচনৰ সকলো গতিবিধিৰ ওপৰত নজৰ ৰখা হব। ভোটগ্ৰহণৰ সময়ত কোৰোনা স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰক হেণ্ড ৱাছ, মাস্ক আৰু গ্লভছ প্ৰদান কৰা হব বুলিও জানিবলৈ দিছে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে। আনহাতে এইবাৰ নিৰ্বাচনত ভোটাৰৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

নিৰ্বাচন আয়োগে সদৰী কৰা মতে, নিৰ্বাচনৰ প্ৰাক ক্ষণত বিভিন্ন এজেন্সীয়ে ৮৭কোটি ৯৬ লাখ ১৩৭৩২ টকাৰ নগদ ধন আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে। নিৰ্বাচনৰ সময়ত ৩.৬৬ লাখ লিটাৰ সুৰা জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে প্ৰায় ১০ কোটি মূল্যৰ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীও জব্দ কৰা হৈছে।