নিৰ্বাচনত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাৰ পিছত টিভি চেনেলৰ ডিবেট অনুষ্ঠান বয়কট BSPৰ সকলো মুখপাত্ৰৰ

75

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা মায়াবতীৰ বহুজন সমাজবাদী পাৰ্টিৰ কোনো মুখপাত্ৰই এতিয়াৰে পৰা ভাগ নলয় সংবাদ মাধ্যমৰ ডিবেটত।

দলটোৰ ছুপ্ৰিম’ মায়াৱতীয়ে নিজৰ পৰাজয়ৰ বাবে সকলো ক্ষোভ সংবাদ মাধ্যমৰ ওপৰত জাপি দি টিভি চেনেলৰ ডিবেট অনুষ্ঠান বয়কট কৰাৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে।

তেওঁৰ অভিযোগ অনুসৰি, সংবাদ মাধ্যম সমূহে তেওঁলোকৰ গৰাকীৰ নিৰ্দেশনাত জাতিবাদী বিদ্বেষ আৰু ঘৃণনীয় মনোভাৱ প্ৰকাশ কৰিছে। যাৰ বাবে বহুজন সমাজবাদী পাৰ্টীয়ে পৰাজয়ৰ সন্মুখীন হবলগা হৈছে।

উল্লেখ্য যে, সদ্যঘোষিত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত বহুজন সমাজবাদী পাৰ্টীয়ে মুঠ ৪০৩ খন আসনৰ ভিতৰত মাত্ৰ এখন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে। তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা মায়াৱতীৰ দলৰ এনে শোচনীয় অৱস্থাই এতিয়া জোকাৰি গৈছে ৰাষ্ট্ৰৰ ৰাজনীতিও।