নিশাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটৰ

62

শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে। প্ৰায় তিনি মহীয়া কাৰ্যকালৰ অন্ত পেলাই নিশাই তেওঁ ৰাজ্যপালৰ হাতত অৰ্পণ কৰে পদত্যাগ পত্ৰ। ইফালে মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগৰ পিছতে সংবাদ মেল সম্বোধন কৰি বিজেপি নেতৃত্বক ধন্যবাদ জনায় তীৰথ সিং ৰাৱটে।

উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত হবলগীয়া বিজেপিৰ বিধায়িনী দলৰ বৈঠকত উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হব। ডেৰাডুনত অনুষ্ঠিত হবলগীয়া বিধায়নী দলৰ বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ।

প্ৰণিধানযোগ্য যে, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগৰ পিছতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে। তাৰ পিছতে বিজেপি নেতৃত্বই তীৰথ সিং ৰাৱটৰ হাতত ৰাজ্যখনৰ বাঘজৰী অৰ্পণ কৰিছিল।