নিম্ন আয়ৰ পৰিয়ালবোৰক মাহিলি নগদ ধন আৰু খাদ্যশস্য যোগানৰ দাবীত

68

২২ জুন সোমবাৰে চি পি আই (এম)ৰ ৰাজ্যজোৰা



ষ্টাফৰিপৰ্টাৰ, ২০ জুন :: কেন্দ্ৰৰ মোদী চৰকাৰে কোভিড-১৯ মোকাবিলাৰ নামত যোৱা মাৰ্চৰ শেষ সপ্তাহৰ পৰা কোনো পূৰ্ব প্ৰস্তুতি অবিহনে হঠাৎ লোকডাউন ঘোষণা কৰাৰ ফলত আমাৰ ৰাজ্যখনৰ জনসাধাৰণো অভূতপূৰ্ব সংকটৰ সন্মুখীন হৈছে। বিশেষকৈ নিম্নআয়ৰ পৰিয়ালবোৰে অবৰ্ণনীয় দুখ-দুৰ্দশাৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে। ৰাজ্যত প্ৰায় সকলোবোৰ পৰিয়াল সন্মুখীন হৈছে তীব্ৰ আৰ্থিক সংকট আৰু অভাৱনীয় দুৰ্যোগৰ। অতি দৰিদ্ৰ পৰিয়ালবোৰে দুৰ্বিষহ যন্ত্ৰণাৰ মাজত জীৱন কটাইছে।

এই দুৰ্যোগ কালত সংকটজর্জৰ জনসাধাৰণক সকাহ দিয়াৰ বাবে চৰকাৰে বাস্তৱ আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ দাবীত অহা ২২ জুনত চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ দিৱস পালন কৰিব।পাৰ্টিয়ে উত্থাপন কৰা দাবীসমূহৰ ভিতৰত আছে : আয়কৰ দিব নলগা প্ৰতিটো পৰিয়ালক মাহিলি ৭,৫০০ টকাকৈ ছমাহলৈ নগদ ধন প্ৰদান,পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ বাবে চাউলকে ধৰি মাহিলি ১০ কেজিকৈ খাদ্যশস্য বিনামূলীয়াকৈ ছমাহলৈ যোগান, এম এনৰেগা আঁচনিৰ অধীনত শ্ৰমিকক বছৰি ২০০ দিনৰ কাম আৰু বৰ্ধিত হাৰত মজুৰি প্ৰদান ; অনুৰূপ কৰ্মসংস্থানৰ আঁচনি চহৰাঞ্চলৰ দুখীয়া লোকসকলৰ বাবেও সম্প্ৰসাৰণ আদি। তদুপৰি চি পি আই (এম) দলে শ্ৰম আইন সংস্কাৰৰ নামত শ্ৰমিকৰ কামৰ সময় ১২ ঘন্টালৈকে বৃদ্ধি কৰাকে ধৰি চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্তসমূহ অবিলম্বে বাতিল কৰা আৰু পি এম কিষান আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতি-অনিয়ম ততালিকে বন্ধ কৰি পঞ্চায়ত ভিত্তিত পৰ্যালোচনাৰ জৰিয়তে হিতাধিকাৰীৰ তালিকাৰ পৰা অযোগ্যসকলৰ নাম বাদ দি নতুন তালিকা প্ৰস্তুত কৰাৰ দাবী পুনৰ দোহাৰিব।

২২ জুনৰ দাবী দিৱসত শাৰীৰিক দূৰত্ব ৰক্ষাকে ধৰি ক’ৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বৈজ্ঞানিক নিয়মসমূহ অনুসৰণ কৰিয়েই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত স্থানীয় পৰ্যায়ত দাবী দিৱস পালন কৰা হ’ব বুলি চি পি আই (এম) দলে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা হয়।

গুৱাহাটীত সিদিনা আন কেইবা ঠাইৰ লগতে গুৱাহাটী ক্লাবৰ কাষৰ টি চি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাত দাবী দিৱস পালন কৰা হ’ব। ৰাজ্যৰ বিভিন্ন স্থানত ক’ৰ’না সংক্ৰমণবিৰোধী নিয়মসমূহ অৱলম্বন কৰি জনসাধাৰণৰ জীৱন-জীৱিকাৰ এই আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে চি পি আই (এম)ৰ ৰাজ্যিক কমিটিয়ে সৰ্বস্তৰৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।