নিজ ঘৰতে ৰমজানৰ মাহৰ উপাসান কৰিবলৈ আহ্বান– সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

80

ষ্টাফৰিপোৰ্টাৰ, ২৪ এপ্ৰিল : বিশ্ব মহামাৰীৰ বাবে সমগ্ৰ দেশৰ নাগৰিক লোকে লক-ডাউন পালন কৰি নিজ নিজ ঘৰত আৱদ্ধ হৈ আছে৷ অসমতো সৰ্বপ্ৰকাৰৰ নাগিৰক ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে দ্বিতীয় পৰ্যায়ৰ লক-ডাউন চলি থকাৰ সময়তে পবিত্ৰ ৰমজানৰ ৰোজা কাইলৈৰ পৰা আৰম্ভ হ’ব। অসমৰ সকলো ইছলামধৰ্মী লোকক মানৱ জাতিৰ সংকটকালত সামাজিক দূৰত্ব বজাই ৰাখি নিজ ঘৰতে ৰমজানৰ মাহৰ উপাসান কৰিবলৈ এক বিবৃতি যোগে আহ্বান জনাইছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হকে। তেওঁ বিবৃতি যোগে লগতে কয় “
প্ৰশাসনৰ নিৰ্দেশ-আদেশ সম্পূৰ্ণ ৰূপে পালন কৰি পূৰ্বৰ দৰেই মছজিদত সমবেত হোৱাৰ পৰিৱৰ্তে ঘৰতে নামাজ আদায় কৰক৷ ইছলামধৰ্মীৰ বাবে পবিত্ৰ ৰমজান মাহটোত ইফটাৰ, চেহেৰীৰ দৰেই তাৰাবীৰ নামাজ নিজ ঘৰত আদায় কৰিবলৈ আহ্বান জনাইছো৷ সামাজিক দূৰত্ব বজাই ৰাখি অসমৰ সকলো ইছলাধৰ্মী লোকক নিজ নিজ ঘৰত উপাসনা কৰাৰ লগতে ওচৰ-পাজৰৰ দৰিদ্ৰ-দুখীয়া লোকসকলক পাৰ্যমানে সহায় কৰিবলৈ আহ্বান জনাইছোঁ।”