নিখিল ৰাভা জাতীয় পৰিষদৰ ৰংখাটি আঞ্চলিকৰ অধিবেশন সম্পন্ন

64

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ গেন্দাবাৰীত আজি নিখিল ৰাভা জাতীয় পৰিষদৰ ৰংখাটি মধ্যাঞ্চল আঞ্চলিক সমিতিৰ তৃতীয় ত্ৰি-দ্বিতীয় বাৰ্ষিক অধিৱেশন আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ গেন্দাবাৰী শাখা সমিতিৰ সৌজন্যত গেন্দাবাৰী এম ই স্কুল প্ৰাংগণত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনত ৰাভা লোকসকলৰ সমাজিক ব্যৱস্থা, ৰীতি-নীতি, শৈক্ষিক ব্যৱস্থা তথা আৰ্থিক দিশতো বিশত ভাৱে পৰ্যালোচনা কৰা হয়৷

ইফালে অধিৱেশনৰ লগত সংগতি ৰাখি ‘সামাজিক দৃষ্টিকোনত শিক্ষাৰ মুল্যবোধে নৱ্যচামক প্ৰচলিত ধৰ্মীয় বিশ্বাস, নৈতিক আদৰ্শৰ জীৱন দৰ্শন, আচাৰ-ব্যৱহাৰ আৰু কুসংস্কাৰৰ পৰিৱৰ্তন আনিব পাৰি’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ আলোচনা চক্ৰত কেইবাগৰাকী বিশিষ্ট লোক সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে৷

সকলো পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে ৰাভা জাতীয় সাজপাৰ পৰিধান কৰি অধিৱেশনত অংশ গ্ৰহণ কৰা পৰিৱেশে জাতিস্কাৰ হৈ পৰাৰ লগতে ৰাভা জাতীয় নৃত্য-গীতেৰে মুখৰিত হৈ পৰে৷