নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰা আঞ্চলিক সমিতিৰ প্ৰতিবাদী সমদল

433

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ ।
৯টা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ নগৰবেৰাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
দাবী সমুহ ক্ৰমে বানত ক্ষতিগ্ৰস্তসকলক পৰ্যাপ্ত পৰিমাণে সহায্য প্ৰদান কৰা,বানত ক্ষতি হোৱা ৰাস্তা ঘাট,মাথাউৰি আৰু দলংসমূহ শীঘ্ৰে মেৰামতি কৰা, মূল্য বৃদ্ধি ৰোধ কৰা, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা,নাৰী নিৰ্যাতন বন্ধ কৰা আদি দাবী লৈ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা স্মাৰক পত্ৰৰ জৰিয়তে অতি শীঘ্ৰে সমাধান বিচাৰিছে প্ৰতিবাদ কাৰীয়ে।