ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি শুকুৰবাৰে অসম আৰক্ষীয়ে নাহৰকটীয়াত যৌথ অভিযানৰ সময়ত ৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
নাহৰকটীয়া আৰক্ষী আৰু জয়পুৰ আৰক্ষীয়ে জয়পুৰত উপ-আৰক্ষী অধীক্ষক নৱ বৰাৰ তত্বাৱধানত অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ পৰা হেৰ’ইন থকা ২৯টা চাবোনৰ বাকচ উদ্ধাৰ কৰে।
লাভ কৰা তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ পৰা অহা তিনিগৰাকী মহিলাই নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ৰে’লযোগে এই অবৈধ ড্ৰাগছ সৰবৰাহ কৰি দুলীয়াজান ৰে’লৱেৰ পৰা AS06 AJ 5275 নম্বৰৰ এখন ৱেগন আৰ গাড়ীত ড্ৰাগছ লৈ নিজৰ জন্ম ৰাজ্যলৈ গৈ থকা সময়তে জয়পুৰ বৰ্ষাৰণ্য গেটৰ সমীপত আৰক্ষীয়ে আটক কৰে চাৰিচকীয়া বাহনখন।
অভিযানত ৩৪৮ গ্ৰাম হেৰ’ইন থকা ২৯টা চাবোনৰ বাকচ জব্দ কৰে। জব্দ কৰা ড্ৰাগছৰ বজাৰ মূল্য ৩ কোটি টকা বুলি অনুমান কৰা হৈছে।
ইফালে আৰক্ষীয়ে গাড়ীখনৰ চালকৰ লগতে তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰি গোচৰ নং ৩ ৰুজু কৰিছে। ৫৬/২৩ত জয়পুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ২১(চি)/২৯ এন ডি পি এছ আইনৰ অধীনত জব্দ কৰাৰ সন্দৰ্ভত।
