নাগা শান্তি চুক্তিৰ খচৰা চূড়ান্ত কেন্দ্ৰীয় চৰকাৰৰ, মানি লোৱা নহয় পৃথক পতাকা-সংবিধানৰ দাবী

60

ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন আৰু সামাজিক গোট সমূহৰ সৈতে স্বাক্ষৰিত হ’বলগীয়া নগা শান্তি চুক্তিৰ খচৰা সম্পূৰ্ণ কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে। নাগালেণ্ডৰ দ্বাৰা প্ৰকাশিত এখন স্থানীয় বাতৰি কাকতৰ খবৰ অনুসৰি এই চুক্তিত এএছচিএন (আইএম)এ স্বাক্ষৰ কৰিব নে নাই সেয়া স্পষ্ট কৰিবলৈও কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

ইফালে বিহাৰ নিৰ্বাচনৰ বাবেই চুক্তি স্বাক্ষৰিত হোৱাৰ ক্ষেত্ৰত পলম হোৱা বুলি উল্লেখ কৰা হৈছে বাতৰিটোত। কিন্তু অতি শোনকালে নাগা চুক্তি স্বাক্ষৰ কৰা হ’ব আৰু আলোচনাৰ কাল ইতিমধ্যে সমাপ্ত হোৱা বুলিও জানিব পৰা গৈছে। প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল যদিও এইবাৰ বিদ্ৰোহী সংগঠনৰ উপৰিও সামাজিক গোট আৰু নাগালেণ্ডৰ ১৪টা জনগোষ্ঠীৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিব।

ইফালে এনএছচিএন (আইএম)এ কৰি অহা পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী কোনো কাৰণতে মানি লোৱা নহয় বুলিও স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। এই শান্তি চুক্তিত নগালেণ্ডৰ ৭টা বিদ্ৰোহী সংগঠনে সমৰ্থন আগবঢ়াইছে।