নাইট কাৰ্ফিউৰ সুযোগ লৈ হোজাইত চুৰি কাণ্ড…

95

সমৰ দেৱনাথ, হোজাইঃ কোৰোনা মহামাৰীৰ আতংক আৰু আংশিক লকডাউনৰ সুযোগ লৈ হোজাইৰ বিদ্যানগৰত একেদিনাই দুখনকৈ দোকানত সংঘটিত হল চুৰি কাণ্ড। সোমবাৰে নিশা চোৰে বিদ্যানগৰৰ সুশাংক দে আৰু ৰঞ্জিত দে নামৰ দুজন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাটাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে লুট পাত চলায়। জানিব পৰা মতে, সুশাংক দেৰ গেলামাল দোকানৰ চাউল, দাইল, আটা আদি সামগ্ৰী চোৰে চুৰি কৰাৰ লগতে ৰঞ্জিত দেৰ গহণাৰ দোকানৰ পৰা বহু মূল্যবান গহণা চুৰি কৰি লৈ যায়। নাইট কাৰ্ফিউৰ সুযোগ লৈ চোৰে সংঘটিত কৰা এই চুৰি কাণ্ডত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে।