নসত্ৰৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ

104

বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণী, জি এন এম আৰু বিএছচি নাৰ্ছিং পাঠ্যক্ৰমৰ ২০২১-২০২২ শিক্ষাবৰ্ষৰ পাঠদান সোমবাৰৰ পৰা আৰম্ভ হয়। আধ্যাত্মিকতাক অৱধাৰিত বিষয় ৰূপে গ্ৰহণ কৰি স্নাতকোত্তৰ শাখাত অসমীয়া, ৰাজনীতি বিজ্ঞান, দৰ্শন আৰু শিক্ষা বিভাগ ২০১৭ চনৰপৰা মুকলি কৰি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় শুভাৰম্ভ কৰা হৈছিল। তাৰ পাছত বিশ্ববিদ্যালয়খনৰ চতুৰ্থ ছাত্ৰ দলৰ পাঠ্যক্ৰমৰ পাঠদান সোমবাৰে পুৱা শ্ৰীমদ্ভাগৱত পাঠ আৰু একনাম কীৰ্ত্তনেৰে শুভাৰম্ভ হয়।

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ উপৰি জিএনএম নাৰ্ছিঙৰ তৃতীয়টো, বিএছচি নাৰ্ছিং আৰু ফিজিঅ’থেৰাপিৰো দ্বিতীয়টো শিক্ষাবৰ্ষৰ পাঠদান সোমবাৰৰ পৰা আৰম্ভ হয়। এই উপলক্ষে পুৱা বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱনত অধ্যাপক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে শ্ৰীমদ্ভাৱগত পাঠ আৰু একনাম কীৰ্ত্তনৰ অনুষ্ঠান সম্পন্ন হয়। অনুষ্ঠানৰ পাছতেই বিশ্ববিদ্যালয়ৰ নতুনকৈ নামভৰ্ত্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ অধ্যাপক-অধ্যাপিকাসকলে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য্য তথা কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আক

কৃষ্ণগুৰু শিক্ষা পৰিষদৰ সভানেত্ৰী ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে নতুনকৈ নামভৰ্তি কৰা সকলো ছাত্ৰ-ছাত্ৰীক নিজ লক্ষ্যত উপনীত হ’ব পৰাকৈ শৈক্ষিক সূচীত অংশীদাৰ হ’বলৈ শুভাশীষ জ্ঞাপন কৰে। উল্লেখ্য যে, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ শিক্ষাবৰ্ষ আগষ্ট মাহতে আৰম্ভ লাগিছিল যদিও কোৰোনা মহামাৰী সৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ জানুৱাৰী মাহৰ পৰা পাঠদান আৰম্ভ হৈছে।