নলবাৰী জিলাৰ পানীমাজকুছি গাঁৱৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

71

নলবাৰী জিলাৰ পশ্চিম বনভাগ মৌজাৰ অন্তৰ্গত ১৬নং খাতিকুছি পঞ্চায়তৰ অন্তৰ্গত পানীমাজকুছি গাঁৱৰ ১,৪৪০ কি,মি দৈৰ্ঘ্যৰ পথৰ নিৰ্মাণ কাৰ্য্যত ব্যাপক দুৰ্নীতি। পথৰ কাষত থকা পূৰনি বৈদ্যুতিক সূতা আতৰ নকৰাকৈ তাৰ মাজেৰে পথছোৱাৰ নিৰ্মান কাৰ্য চলাই আছে।

আনহাতে ২০-২৫ বছৰীয়া কালভাৰৰ ওপৰে পথছোৱাৰ কাম চলোৱাত স্থানীয়ে ৰাইজে অভিযোগ তুলি নলবাৰী জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰেৰন কৰিছিল যদিও আজিলৈকে কোনো পদক্ষেপ হাতত লোৱা পৰিলক্ষিত নহল।
ইফালে যদিহে পথচোৱা বিজ্ঞানসন্মত ভাৱে নিৰ্মান নকৰে তেতিয়া হলে পৰৱৰ্তী সময়ত আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।